বৰগীতঃ শ্ৰীশ্ৰীশংকৰদেৱ - ভাৰতী সাহিত্য চয়ন (অষ্টম মানৰ অসমীয়া)

বৰগীতঃ শ্ৰীশ্ৰীশংকৰদেৱ - ভাৰতী সাহিত্য চয়ন (অষ্টম মানৰ অসমীয়া)

(ক) বৰগীতটি কোনে ৰচনা কৰা? 

উত্তৰঃ বৰগীতটি শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰা।


(খ) বৰগীতটি কি ৰাগত উল্লেখ আছে? 

উত্তৰঃ বৰগীতটি আশোৱাৰী ৰাগত উল্লেখ আছে।


(গ) কালিন্দী নদীৰ তীৰত কোনে ধেনু চৰাইছে? 

উত্তৰঃ কালিন্দী নদীৰ তীৰত শ্ৰীকৃষ্ণই ধেনু চৰাইছে।


(ঘ) গােপ শিশুসকলে কাৰ সৈতে আনন্দ কৰিছে? 

উত্তৰঃ গােপ শিশুসকলে শ্ৰীকৃষ্ণৰ সৈতে আনন্দ কৰিছে।


(ঙ) কৃষ্ণৰ শ্যামবৰণীয়া শৰীৰৰ বাওঁকাষত কিহে শােভা বঢ়াইছে? 

উত্তৰঃ কৃষ্ণৰ শ্যামবৰণীয়া শৰীৰৰ বাওঁকাষত বেশভূষা আৰু পীত বস্ত্ৰই শােভা বঢ়াইছে।


(চ) শংকৰদেৱৰ জীৱনৰ কীর্তিস্তম্ভ কি? 

উত্তৰঃ শংকৰদেৱৰ জীৱনৰ কীর্তিস্তম্ভ কীৰ্ত্তন ঘোষা।

Post a Comment

Previous Post Next Post