বায়ুৰ পৰা কাচলৈ আৰু কাচৰ পৰা বায়ুলৈ পোহৰ কেনেকৈ প্ৰতিসৰিত হয় চিত্রসহ ব্যাখ্যা কৰা ৷
উত্তৰ:
আমি জানো যে বায়ুতকৈ কাঁচ ঘন পোহৰৰ মাধ্যম। যদি পোহৰৰ ৰশ্মি পাতল মাধ্যমৰ মাজেৰে আহি ঘন মাধ্যমত ( বায়ুৰ পৰা কাঁচ লৈ ) প্ৰৱেশ কৰে, তেনেহ’লে প্রতিসৰিত ৰশ্মি ঘন মাধ্যমত অভিলম্বৰ কাষ চাপি যায়, অর্থাৎ আপতন কোণতকৈ প্ৰসিৰণ কোণ সৰু হয়।
ওপৰৰ চিত্ৰত বায়ুৰ পৰা অহা পোহৰ ৰশ্মিৰ কাঁচত হোৱা প্ৰতিসৰণ দেখুওৱা হৈছে।
আকৌ যদি পোহৰ ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ ( কাঁচৰ পৰা বায়ুলৈ ) যায়,তেতিয়া পাতল মাধ্যমত প্রতিসৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়, অর্থাৎ আপতন কোণতকৈ প্ৰতিসৰণ কোণ ডাঙৰ হয়।