তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ।

তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা ।  

হাইড্রজেন গেছে নাইট্রজেনৰ সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে ।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

          H2 + N2 → NH3

 সন্তোলিত ৰাসায়নিক সমীকৰণ-

      3H2(g) + N2(g) → 2NH3(g)

হাইড্রজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

         H2S +O2 →H2o + So2

            সন্তোলিত ৰাসায়নিক সমীকৰণ-

         2H2s(g) + 3O2(g) → 2H2o(l) + 2So2(g)

বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছলফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে 

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

         BaCl2 + Al2(So4)3 → AlCl3 + BaSo4

সন্তোলিত ৰাসায়নিক সমিকৰণ-

            3BaCl2(aq) + Al2(So4)3 aq → 2AlCl3(aq) +3BaSo4(S)

পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

উত্তৰঃ জঁকা ৰাসায়নিক সমীকৰণ-

         K + H2o → KoH + H2

সন্তোলিত ৰাসায়নিক সমীকৰণ-

 2K(s) + 2H2o(l) → 2KoH(aq) + H2(g)


Post a Comment

Previous Post Next Post