আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা।

আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে ১০ শাৰী লিখা

উত্তৰ:- আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতা বোৰ হল –

ক) দৈ, পাউৰুটি, কেক আদি প্ৰস্তুত কৰণত অণুজীৱৰ ব্যৱহাৰ কৰা হয় ।

খ) কিছুমান বেক্টেৰিয়া আৰু নীলা সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰ’জেন স্থিৰ কৰণ কৰি মাটিত নাইট্ৰ’জেনৰ পৰিমাণ বঢ়াই উৰ্বৰতা বৃদ্ধি কৰে ।

গ) সুৰা, মদ আৰু ভিনেগাৰ আদি ব্যৱসায়িক ভিত্তিক প্ৰস্তুত কৰাৰ বাবে অনুজীৱ ব্যৱহাৰ কৰা হয় ।

ঘ) বিভিন্ন ৰোগ নিবাৰণৰ কাৰণে ব্যৱহাৰ হোৱা এণ্টিবায়’টিক বেক্টেৰিয়া, ভেঁকুৰ আদি কিছুমান নিৰ্দিষ্ট অনুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা হয় ।

ঙ) কলেৰা, যক্ষ্মা, বসন্ত, হেপটাইটিছ আদি বহুতো ৰোগ প্ৰতিষেধক ছিটা দি প্ৰতিৰোধ কৰিব পাৰি ।

চ) অনুজীৱ বোৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থ বোৰ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে । এই সৰল পদাৰ্থবোৰ উদ্ভিদ বা প্ৰাণীয়ে পুনঃ ব্যৱহাৰ কৰিব পাৰে ।

ছ) অনুজীৱ বোৰে অনিষ্টকাৰী আৰু দুৰ্গন্ধ যুক্ত পদাৰ্থবোৰ পচাবলৈ পৰিবেশ নিৰ্মল কৰে ।

Post a Comment

Previous Post Next Post